মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

ব্যৱসায়িক লেনদেন

  • বিভাগটোৰ দ্বাৰা ব্যৱসায়িক লেনদেনৰ সবিশেষ –

    • ৰাজ্যিক পৰিকল্পনা আৰু BADP অনুসৰি আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলসমূহৰ বাবে আঁচনি প্ৰস্তুতি আৰু চূড়ান্তকৰণ।
    • ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ কমিটী সভা অনুষ্ঠিতকৰণ
    • সীমান্ত অঞ্চলৰ আঁচনিসমূহৰ ৰূপায়ণকাৰী সংস্থাসমূহৰ সৈতে ত্ৰিমাসিক পৰ্যালোচনা সভা।
    • সীমান্ত অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ উন্নতি আৰু আন্তঃৰাজ্যিক সীমা বিবাদ সম্পৰ্কত ভাৰত চৰকাৰৰ সৈতে সভা অনুষ্ঠিতকৰণ।
    • সীমা বিবাদ সমাধান আৰু সীমান্ত অঞ্চলসমূহ উন্নতিৰ বাবে বিভিন্ন বিভাগৰ সৈতে সংযোগ সাধন।
    • বিত্ত আৰু প্ৰস্তাৱসমূহ উপস্থাপন কৰা আৰু সেইসমূহ অনুমোদনৰ বাবে গৃহ মন্ত্ৰালয়ৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰখা।
    • ভাৰত চৰকাৰৰ দ্বাৰা মুকলি হোৱা বিত্তৰ বিপৰীতে সদ্ব্যৱহাৰ মানপত্ৰ দাখিল।
    • বাৰ্ষিক কাৰ্য প্ৰণালীৰ প্ৰস্তুতকৰণ আৰু চূড়ান্তকৰণ।
    • আন্তঃৰাষ্ট্ৰীয় সীমান্ত খণ্ডসমূহক বিশেষ গোট/ই-প্ৰশাসন হিচাপে লৈ ব্যৱস্থাপনা তথ্য ব্যৱস্থা (MIS)ৰ প্ৰস্তুতকৰণ।
    • কেৱল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাবে দৰ্শানুপাত পৰিকল্পনা, ব্যাপক পৰিকল্পনাৰ প্ৰস্তুতি
    • আদালতৰ মোকৰ্দমাত বিভাগটোক সুৰক্ষা দিয়া।
    • ভাৰতৰ সন্মানীয় উচ্চতম ন্যালায়ত অসম-নাগালেণ্ড আৰু সম-অৰুণাচল প্ৰদেশ সীমান্ত বিবাদ সম্পৰ্কে মূল মোকৰ্দমাৰ ক্ষেত্ৰত আইন বিশেষজ্ঞসকলৰ সৈতে বিষয়সমূহ, প্ৰমাণ আৰু যুক্তিসমূহৰ প্ৰস্তুতি।
    • অসমত জৰীপৰ জৰিয়তে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহৰ সীমান্তৰ জিলাসমূহৰ নক্সাৰ প্ৰস্তুতি চলাই থকা হৈছে।
    • তথ্যৰ ব্যৱস্থাপনা
    • আন্তঃৰাজ্যিক সমস্যাসমূহৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানসমূহ কৰি থকা হৈছে।
    • সীমান্তৰ সমীপত অৱস্থিত দুৰ্গম আৰু দূৰণিবটয়া ঠাইসমূহত বসবাস কৰা মানুহৰ বিভিন্ন উন্নয়নমূলক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ পৰিকল্পনা কৰা।
    • সীমান্তৰ নিয়মতান্ত্ৰিক সীমাৰ ০ৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধৰ ভিতৰত সীমান্তৰ অধিবাসীসকলৰ মাজত এক নিৰাপত্তাৰ অনুবৱ উন্নীত কৰা।