মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহৰ অধীনৰ আঁচনিসমূহ

  • ৰাজ্যিক পৰিকল্পিত আৰু অপৰিকল্পিত বাজেটৰ অধীনত সামৰি লোৱা তলত দিয়া আঁচনিসমূহ এই নিৰ্দেশাৱলীসমূহৰ দ্বাৰা পৰিচালিত হব।

    পৰিকল্পনা –

                    ১. অসম বিকাশ যোজনা (AVY)

                    ২. বিশেষ নিধি (SF)

                    ৩. বিকেন্দ্ৰীভূত পৰিকল্পনা (DCP)   

    অপৰিকল্পনা

                ১. সীমান্ত আৰক্ষী চকীসমূহৰ নিৰ্মাণ/মেৰামতি/পুনৰ নবীকৰণ।

    ক্ৰিয়াকলাপৰ অধীনৰ অঞ্চলসমূহ –

                পৰিকল্পনা/অপৰিকল্পনাৰ অধীনৰ নিধিপ্ৰাপ্ত আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহে তলত দিয়া ২৪খন জিলা সামৰি লব যিসমূহ আন্তঃৰাজ্যিক সীমান্তৰ পাৰত অৱস্থিত আৰু যিসমূহে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু পশ্চিম বঙ্গৰ সৈতে সীমাসমূহ ভগাই লৈছে। এই জিলাসমূহ হল - মৰিগাঁও, ডিমা হাছাও, ধেমাজি, গোৱালপাৰা, ডিব্ৰুগড়, কামৰূপ, কামৰূপ (ম), গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, হাইলাকান্দি, কৰিমগঞ্জ, শোণিতপুৰ, কাছাৰ, ধুবুৰী, ওডালগুৰি, কোকৰাঝাৰ, চৰাইদেউ, বিশ্বনাথ আৰু দক্ষিণ শালমৰা-মানকাছৰ। ৰাজ্যখনৰ নিয়মতান্ত্ৰিক সীমান্তৰ পৰা ০-১০ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰৰ এই পিছপৰা সীমান্ত অঞ্চলসমূহত বাস কৰা লোকসকল এইখনৰ পৰা উপকৃত হব।

    নিধি প্ৰবাহ

                ৰাজ্যিক পৰিকল্পনা বাজেট আৰু সময়ে সময়ে ঘোষিত সন্মানীয় মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজি বা আন্তঃৰাজ্যিক সীমান্তৰ বাবে আবণ্টিত অন্যান্য নিধিসমূহ যাৰ বাবে এই নিৰ্দেশাৱলীসমূহ অনুসৰি ব্যয়সমূহ কৰা হয়-

    আঁচনিসমূহে সামৰি লোৱা খণ্ডসমূহ –

                ১. পথ আৰু দলংসমূহ উন্নীতকৰণ/নিৰ্মাণ

                ২. খোৱা পানীৰ সুবিধাসমূহ।

                ৩. বিদ্যালয় নিৰ্মাণ।

                ৪. সৌৰ বৈদ্যুতিকীকৰণ

                ৫. ৰাজহুৱা কক্ষসমূহ

                ৬. চুবুৰীয়া ৰাজ্যসমূহৰ দ্বাৰা অবৈধ বেদখল প্ৰতিৰোধ আৰু টহল দিবলৈ BOP বিষয়াসকলক মটৰ গাড়ী যোগান।

    Downloads
    অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহৰ অধীনৰ আঁচনিসমূহ
    TitleSizeDetail
    Schemes under Inter-State Border Areas of Assam, 2015536.25 KBswf-image