মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচীৰ আঁচনিসমূহ

  • আন্তঃগাঁঠনি (১)

                প্ৰৱেশ পথসমূহ, সংযোগী পথসমূহ, কালভাৰ্টসমূহ, পদসেতুসমূহ, ওলোমা পদ সেতু, পদপথসমূহ, সৰু পথসমূহ, ৰজ্জুপথসমূহ, ধাপসমূহ/স্থাপত্যৰ ধাপসমূহ, পথ সংযোগ নথকা পাহাৰীয়া আৰু দুৰ্গম ঠাইসমূহৰ হেলিপেডসমূহৰ নিৰ্মাণ আৰু সবলীকৰণ।

    আন্তঃগাঁঠনি (২)

                নিৰাপদ খোৱা পানী যোগান।

    অন্যান্য আন্তঃগাঁঠনিসমূহ

                ১. সীমান্ত অঞ্চলসমূহত সাপ্তাহিক বজাৰ/হাটসমূহ আৰু লগতে সাংস্কৃতিক কাৰ্যকলাপ ইত্যাদিৰ বাবে আন্তঃগাঁঠনিৰ উন্নয়ন।

                ২. নতুন পৰ্যটন কেন্দ্ৰ সৃষ্টি

                ৩. নতুন আৰু পুনৰনবীকৰণযোগ্য বিদ্যুত্ – জৈৱ গেছ/জৈৱসমষ্টি গেছীয়কৰণ, সৌৰ আৰু বায়ু শক্তি আৰু সুক্ষ্ম হাইদেল প্ৰকল্প ব্যৱস্থাসমূহ আৰু সামাজিক ব্যৱহাৰৰ আহিলাসমূহ আৰু সম্পৰ্কীয় কাৰ্যকলাপসমূহ।

                ৪. উদ্যোগসমূহৰ বাবে আন্তঃগাঁথনিৰ উন্নতি – হস্ততাঁত, হস্তশিল্প, আচবাব নিৰ্মাণ, ক্ষুদ্ৰ গোটসমূহ, কমাৰ আদি স্থানীয় নিৱেশসমূহেৰে ক্ষুদ্ৰ উদ্যোগ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ।

                ৫. সংযোগী পথসমূহ, ৰাজহুৱা ভৱনসমূহ সুৰক্ষা দিবলৈ পাৰ্বত্য অঞ্চলসমূহত ৰক্ষণোপায় ব্যৱস্থা বজাই ৰখা।

                ৬. পানী বিলি ব্যৱস্থা ইত্যাদিৰ অংশ হিচাপে নৰ্দমা/পয়োনালী

                ৭. ঐতিহ্য ক্ষেত্ৰসমূহৰ সুৰক্ষা

                ৮. গ্ৰামীণ পৰ্যটন/সীমান্ত পৰ্যটনৰ উন্নয়ন

    স্বাস্থ্য

                ১. সীমান্তৰ গাঁওসমূহত স্বাস্থ্য খণ্ডত নিয়োগ হৈ থকা চিকিত্সক, পেৰামেডিক আৰু অন্যান্য বিষয়াসকলৰ বাবে আৱাস নিৰ্মাণ।

                ২. আন্তঃগাঁঠনি নিৰ্মাণ (PHC/CHC/SHC)

                ৩. প্ৰাথমিক/মৌলিক ধৰণৰ চিকিত্সা সম্পৰ্কীয় সা-সঁজুলিসমূহৰ ব্যৱস্থা।

                ৪. এক্স-ৰে, ই.চি.জি মেচিন, দন্ত্য নিদানশালাৰ সা-সঁজুলি, ৰোগবিদ্যাগত পৰীক্ষাগাৰ ইত্যাদিও ক্ৰয় কৰিব পাৰি।

                ৫. ভ্ৰাম্যমাণ ঔষধালয় স্থাপন/টেলি মেডিচিনকে ধৰি চৰকাৰী পঞ্চায়তীৰাজ অনুষ্ঠানৰ দ্বাৰা গ্ৰামীণ অঞ্চলসমূহত এম্বুলেন্সৰ ব্যৱস্থা।

                ৬. চৌহদৰ বেৰ নিৰ্মাণ/HSCসমূহৰ চৌপাশে কাঁইটীয়া তাঁৰৰ বেৰ/সীমান্তৰ গাঁওসমূহত ঔষধালয় স্থাপন।

     

    কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰসমূহ –

                ১. পশুপালন আৰু গাখীৰৰ ব্যৱসায়

                ২. মীনপালন

                ৩. ৰেচমবিদ্যা

                ৪. হাঁহ কুকুৰা পালন/মাছৰ ব্যৱসায়/গাহৰি/ছাগলী ভেঁৰা পালন

                ৫. পাম বনপালন/উদ্যানপালন/ফুলৰ ব্যৱসায়

                ৬. জলসিঞ্চন বান্ধ নিৰ্মাণ বা উত্তোলক জলসিঞ্চন বা পানীৰ তপচিল পুনৰায় পূৰ্ণ কৰাৰ সুবিধাসমূহ প্ৰদান (গৌণ জলসিঞ্চন কাম-কাজসমূহকে ধৰি)

                ৭. পানীৰ সংৰক্ষণ আঁচনিসমূহ

                ৮. সামাজিক বনপালন, চৰকাৰী আৰু ৰাজহুৱা ভূমি তথা পশুচাৰণ কৰা প্ৰাঙ্গনসমূহকে ধৰি অন্যান্য সমৰ্পিত ভূমিসমূহত উদ্যান, বাগিচা আদি নিৰ্মাণ।

                ৯. পশুচিকিত্সা সাহায্য কেন্দ্ৰসমূহ, কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আৰু বংশবৰ্দ্ধন কেন্দ্ৰসমূহ।

                ১০. অনগ্ৰসৰ অগ্ৰৱৰ্ত্তী একত্ৰীকৰণ – অৰ্থনীতিৰ মাপনীৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চল বিশেষ দৃষ্টিভঙ্গী।

                ১১. কৃষিত আধুনিক/বৈজ্ঞানিক কৌশলসমূহ ব্যৱহাৰৰ বাবে কৃষকসকললৈ কৌশল বিকাশৰ প্ৰশিক্ষণ।

     

    সামাজিক ক্ষেত্ৰ

                ১. সমাজিক/সাম্প্ৰদায়িক কেন্দ্ৰসমূহৰ নিৰ্মাণ

                ২. অংগনবাড়ীসমূহৰ নিৰ্মাণ

                ৩. সাংস্কৃতিক কেন্দ্ৰ/সাম্প্ৰদায়িক কক্ষসমূহ

                ৪. বৃদ্ধ তথা শাৰিৰীক বাধাগ্ৰস্তসকলৰ বাবে উমৈহতীয়া আশ্ৰয়স্থল নিৰ্মাণ।

                ৫. পৰিবহন শিবিৰ/মনস্থকৰণ কূটীৰ/অপেক্ষাকৰণ শালা/স্নানকক্ষ সমন্বিতে বৰষুণৰ আশ্ৰয়স্থলৰ নিৰ্মাণ। পৰিবেষ্টনীৰ প্ৰৱেশদ্বাৰত স্নানকক্ষৰ সৈতে কৃষকশালা ইত্যাদি।

                ৬. চৌহদৰ বেৰ নিৰ্মাণ/অংগনবাড়ীকে ধৰি ৰাজহুৱা ৱনসমূহৰ চৌপাশে কাঁইটীয়া তাঁৰৰ বেৰ।

                ৭. সীমান্তৰ গাঁওসমূহত বিশেষকৈ মহিলাসকলৰ বাবে আৰু বস্তি অঞ্চলসমূহকে ধৰি ৰাজহুৱা ঠাইসমূহৰ লগতে অনুসূচিত জাতি/জনজাতিৰ আৱাসভূমিসমূহ আৰু পৰ্যটন কেন্দ্ৰ, বাছ ৰখা ঠাই আদিত গ্ৰামীণ পয়ঃপ্ৰণালী স্নানাগাৰ খণ্ড।

                ৮. সীমান্তৰ গাঁওসমূহত স্বচ্ছ ভাৰত অভিযান

                ৯. যুৱ চামৰ আত্মনিয়োজনৰ বাবে বৃত্তিমুখী শিক্ষা আৰু পৰীক্ষণৰ জৰিয়তে সক্ষমতা নিৰ্মাণ অনুষ্ঠান আৰু শিল্পী, বয়ন শিল্পী, কৃষক ইত্যাদিৰ কৌশল উন্নীতকৰণ, পৰ্যটন আৰু শুশ্ৰুষাত কৌশলৰ বিকাশ ইত্যাদি। মহিলা কৰ্মীসকলক বিশেষ গুৰুত্ব দিয়া উচিত।

                ১০. বিদ্যুত্, পানী ইত্যাদিৰ দৰে পৌৰ সুবিধাসমূহৰ বাবে ব্যৱস্থা।

     

    শিক্ষা –

                ১. সীমান্তৰ গাঁওসমূহত শিক্ষাৰ ক্ষেত্ৰত নিয়োগ হৈ থকা শিক্ষকসকল আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবে ঘৰ নিৰ্মাণ।

                ২. প্ৰাথমিক/মধ্য/মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনসমূহ (অতিৰিক্ত কোঠাসমূহকে ধৰি)।

                ৩. ছাত্ৰাবাস/শয়নালয়, ৰাজহুৱা পুঁথিভঁড়ালসমূহ আৰু অধ্যয়ন কক্ষসমূহৰ নিৰ্মাণ।

                ৪. প্ৰয়োজনীয় আন্তঃগাঁঠনি আৰু ইণ্টাৰনেট সংযোগ ব্যৱস্থাৰে সৈতে কম্পিউটাৰ কক্ষ নিৰ্মাণ, প্ৰয়োজনীয় আন্তঃগাঁঠনিৰ সৈতে বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ।

                ৫. পাৰ্বত্য অঞ্চলসমূহ আৰু দুৰ্গম আৰু দূৰণিবটীয়া অঞ্চলসমূহত, যতে সুবিধাজনক ততেই আৱাসিক বিদ্যালয় আৰু ছাত্ৰাবাস নিৰ্মাণষ

                ৬. নাৰীসকলৰ বাবে বিদ্যালয় নিৰ্মাণ/ইতিমধ্যে থকা বিদ্যালয়সমূহৰ কোঠাসমূহ, গৱেষণাগাৰ, কম্পিউটাৰ কক্ষ, খেলৰ সুবিধা, ছাত্ৰাৱাসৰ স্থান সংকলন ইত্যাদিৰ দৰে আন্তঃগাঁঠনি সবলীকৰণ।

                ৭. বিদ্যালয়সমূহত মহিলাৰ বাবে স্নানাগাৰকে ৰি, অন্য স্নানাগাৰ নিৰ্মাণ।