মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচী

উদ্দেশ্যঃ

            সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচীৰ মুখ্য উদ্দেশ্য হল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত দূৰৱৰ্ত্তী আৰু অন্যান্য আৰু অগম্য অঞ্চলসমূহত বাস কৰা মানুহবিলাকৰ বিশেষ উন্নয়নৰ লক্ষ্য আৰু কল্যাণ সাধন কৰা আৰু কেন্দ্ৰীয়/ৰাজ্যিক/ সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচী /স্থানীয় আঁচনিসমূহৰ জৰিয়তে আৰু অংশগ্ৰহণমূলক দৃষ্টিভঙ্গীৰ জৰিয়তে সম্পূৰ্ণ আৱশ্যকীয় আন্তঃগাঁথনিৰে সৈতে সীমান্ত অঞ্চলসমূহ সংপৃক্ত কৰা।

পৰিধিঃ

            সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচী এশ শতাংশই কেন্দ্ৰীয়ভাৱে বিত্তৰ যোগানপ্ৰাপ্ত অনুষ্ঠান হিচাপে চলি থাকিব। আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত খণ্ডসমূহ সমসীমাযুক্ত হোৱা বা নোহোৱা নিৰ্বিশেষে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ০-১০ কিঃমিঃৰ ভিতৰত অৱস্থিত আৰু ১৭খন ৰাজ্যৰ যিসমূহ হল- অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগৰ ১০৬খন সীমান্ত জিলাৰ অন্তৰ্গত, যিয়ে আন্তঃৰাষ্ট্ৰীয় ভূমি সীমান্তসমূহ গঠন কৰিছে, সেই সকলো গাঁৱকে এই অনুষ্ঠানে প্ৰায় ৩৮১টা খণ্ডত সামৰি লব। যিসমূহ গাঁও আন্তঃৰাষ্ট্ৰীয় গাঁৱক অগ্ৰাধিকাৰ দিয়া হব আৰু তাৰ ভিতৰত সীমান্ত ৰক্ষী বাহিনীৰ দ্বাৰা চিহ্নিত গাঁওসমূহে সৰ্বাগ্ৰ অধিকাৰ পাব আৰু সুকৌশলী গাঁও হিচাপে জনাজাত হব। ০-১০ কিলোমিটাৰ ভিতৰৰ গাঁৱৰ সংপৃক্তকৰণৰ পাছতেই, ৰাজ্য চৰকাৰে ০-২০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত পৰৱৰ্ত্তী পৰ্যায়ৰ গাঁওসমূহ গ্ৰহণ কৰিব পাৰে। ০-২০ কিলোমিটাৰৰ ভিতৰৰ গাঁওসমূহৰ সংপৃক্তকৰণৰ পাছত, ৰাজ্য চৰকাৰে ০-৩০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত পৰৱৰ্ত্তী পৰ্যায়ৰ গাঁওসমূহ গ্ৰহণ কৰিব পাৰে। ডি.এল.চি.ৰ পৰা ৰাজ্য চৰকাৰে এখন প্ৰমাণপত্ৰ লাভ কৰিব আৰু যথোচিত সন্তুষ্টিৰ পাছত, সেইখন সীমান্ত ব্যৱস্থাপনা বিভাগ এম.এইচ.এ.লৈ পঠিয়াব যে ০-১০ কিলোমিটাৰ/০-২০ কিলোমিটাৰ/০-৪০ কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ সকলো গাঁও সংপৃক্ত হৈছে আৰু যথাক্ৰমে সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচীৰ অধীনত ০-২০/০-৩০/০-৪০/০-৫০ কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ পৰৱৰ্ত্তী গাঁওসমূহ বিবেচনা কৰা হৈছে। বায়বীয় দূৰত্বও বিবেচনা কৰা হব। তাতেও বি.জি.এফ.য়ে গাঁওসমূহ চিনাক্ত কৰিব। অগ্ৰাধিকাৰ অনাৰ লক্ষ্যৰ বাবে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰথম আবাস/গাঁও, শূণ্য দূৰত্বৰ হিচাপে ধৰি লোৱা হব আৰু পৰৱৰ্ত্তী দূৰত্ব এই গাঁওখনৰ পৰাহে হিচাপ কৰা হব। সুকৌশলী গাঁও পৰিভাষাটো BGFসমূহে চিনাক্ত কৰা গাঁওসমূহৰ ক্ষেত্ৰতহে প্ৰাসঙ্গিক হব।

ৰাজ্যসমূহলৈ পুঁজিৰ আবণ্টন

            আয়-ব্যয় সংক্ৰান্তীয় আবণ্টনসমূহ দুই ধৰণৰ উপাদানত ভাগ কৰা হব- সেয়া হল (১) আঠখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য (ছিকমকে ধৰি)ৰ বাবে মুঠ আবণ্টনৰ ৪০ শতাংশ হল প্ৰথম উপাদান, আৰু (২) আঠখন উত্তৰ-পূবৰ ৰাজ্যৰ বাহিৰে আন ৰাজ্যসমূহৰ বাবে মুঠ আবণ্টনৰ ৬০ শতাংশ দ্বিতীয় উপাদান। পুঁজিসমূহ (১) আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দৈৰ্ঘ্য, (২) সীমান্ত খণ্ডৰ জনসংখ্যা, (৩) সীমান্ত খণ্ডসমূহৰ অঞ্চল (এই তিনিওটা নিৰ্ণায়কৰে সমান গুৰুত্ব থাকিব) ভিত্তিত  উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে আৰু উত্তৰ-পূবৰ ৰাজযৰ বাহিৰে অন্য ৰাজ্যসমূহৰ বাবে পৃথক পৃথকভাৱে বিতৰণ কৰা হব। দূৰূহ ভূখণ্ড, সম্পদৰ অভাৱ আৰু নিৰ্মাণৰ উচ্চ ব্যয়ৰ কাৰণে পাৰ্বত্য/মৰু অঞ্চল আৰু কচ্ছ ৰাণ অঞ্চলক ১৫ শতাংশ ৱেইটৱেজ দিয়া হব, যিবিলাক সৰু ৰাজ্যৰ কম আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে আৰু কম জনসংখ্যা আছে, সেইসমূহক স্থায়ী আবণ্টন দিয়া হব। ওপৰত দিয়া সূত্ৰ অনুসৰি ৰাজ্যসমূহলৈ দিয়া আবণ্টনৰ ভিতৰত পুঁজিসমূহ ৰাজ্য চৰকাৰসমূহে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা অনুমতিযোগ্য দূৰত্বৰ ভিতৰত অৱস্থিত গাঁওসমূহৰ বাবে, কিন্তু আন্তঃৰাষ্ট্ৰীয় সীমান্ত স্পৰ্শী খণ্ডসমূহত নহয়, পৰিচালনা কৰিব।

            প্ৰথমতে, জিলা প্ৰশাসনে সম্পদসমূহ বিচাৰি উলিয়াব আৰু তলত দিয়া কাৰণসমূহ বিবেচনা কৰি সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচীৰ অধীনত সামৰা সীমান্ত খণ্ডসমূহৰ দূৰন্ত সংক্ৰান্তীয় নক্সা কৰিব আৰু সেইমতে খণ্ড অনুসৰি পৰিকল্পনা প্ৰস্তুত কৰিব।

(১) প্ৰথম অগ্ৰাধিকাৰত সীমান্তৰ শূন্যৰেখাৰ ওচৰৰ গাওঁসমূহত উন্নয়নমূলক আচঁনিসমূহ পৰিগ্ৰহন কৰাৰ বাবে সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচী পুঁজিসমূহ উপযোগ কৰা হব।

(২) বি.জি.এফ.সমূহে তেওঁলোকৰ সংশ্লিষ্ট অঞ্চলসমূহৰ কৌশলগত ভাৱে অগ্ৰাধিকাৰ প্ৰাপ্ত গাওঁসমূহৰ এখন তালিকা প্ৰস্তত কৰিব আৰু ৰাজ্য চৰকাৰৰ জিলা কৰ্তৃপক্ষ সমূহ আৰু গৃহ  মন্ত্ৰালয়লৈ তাক আগবঢ়াই দিব। বি.জি.এফ. এ চিহ্নিত কৰা আৰু গৃহমন্ত্ৰালয়ে অনুজ্ঞা প্ৰদান কৰা, কৌশলগত সীমান্ত গাওঁসমূহ, পথ সংযোগ, বিদ্যুত, খোৱা পানী যোগান, স্বাস্থ্যবিধান, স্বাস্থ্য, কৃষি আৰু স্বজাতীয় খণ্ডসমূহ ইত্যাদিৰ দৰে উন্নয়নমূলক কাম-কাজসমূহৰ ক্ষেত্ৰত প্ৰথমতে সংপৃক্ত কৰা হব।

(৩) কৌশলগতভাৱে অগ্ৰাধিকাৰপ্ৰাপ্ত গাঁওসমূহ সংপৃক্তকৰণৰ পাছত, অন্য গাঁওসমূহ উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা হব।

ক্ষমতাসম্পন্ন কমিটী

            সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচীৰ নিৰ্দেশাৱলী, সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচী ৰূপায়ণ হোৱা ভৌগোলিক অঞ্চলসমূহ বিত্তৰ আবণ্টন, আঁচনিসমূহ সম্পাদন কৰাৰ প্ৰকাৰতা ইত্যাদিৰ দৰে, যোজনাৰ বিষয়সমূহ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগৰ, সচিবৰ সভাপতিত্বৰ অধীনত গঠিত সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচীৰ ক্ষমতাপন্ন কমিটীৰ দ্বাৰা পৰিকল্পনা কৰা হব।