মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহ

অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহ

            অসমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰ পশ্চিমবঙ্গৰ সৈতে ২৭৪৩.১ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্য সামৰি আন্তঃৰাজ্যিক সীমান্ত ভগাই লৈছে। আৰম্ভণিৰে পৰা, অসম চৰকাৰে সীমান্ত অঞ্চলসমূহৰ উন্নয়ন তথা অন্যান্য সমস্যাসমূহৰ পিনে সম্পূৰ্ণ মনোযোগ দি আহিছে।

উন্নয়নমূলক কাম-কাজৰ পৃষ্ঠভূমি

            অসম চৰকাৰৰ দ্বাৰা সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৮৫-৯০)ত আন্তঃৰাজ্যিক সীমান্ত অঞ্চল উন্নয়ন আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ প্ৰধান উদ্দেশ্যে হল ৰাজ্যখনৰ নিয়মতান্ত্ৰিক সীমান্তৰ পৰা ১০ কিলোমিটাৰ ন্যূনতম ব্যাসাৰ্দ্ধৰ ভিতৰৰ পিছপৰা সীমান্ত অঞ্চলসমূহত বাস কৰা মানুহলৈ প্ৰাথমিক সুযোগ সুবিধাখিনি আগবঢ়োৱা। চিহ্নিত কৰা মুখ্য কাম-কাজসমূহ হৈছে- খোৱা পানী যোগান, বিদ্যালয় গৃহ, পথ আৰু দলংসমূহৰ নিৰ্মাণ আৰু উন্নয়ন ইত্যাদি আৰু লগতে সীমান্ত আৰক্ষী চকীসমূহ আৰু সংযোগী পথ ইত্যাদিৰ উন্নয়ন।

ক্ৰিয়াকলাপৰ অধীনৰ অঞ্চলসমূহ-

            পৰিকল্পনা আৰু অ-পৰিকল্পনাৰ অধীনত নিধিপ্ৰাপ্ত আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহে তলত দিয়া যিসমূহ আন্তঃৰাজ্যিক সীমাত অৱস্থিত আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু পশ্চিম বঙ্গৰ সৈতে একে সীমান্ত ভগাই লোৱা ২৪খন জিলাক সামৰি লব। এই জিলাসমূহ হল – মৰিগাঁও, ডিমা হাছাও, ধেমাজি, গোৱালপাৰা, ডিব্ৰুগড়, কামৰূপ, কামৰূপ (ম), গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, হাইলাকান্দি, কৰিমগঞ্জ, শোণিতপুৰ, কাছাৰ, ধুবুৰী, ওডালগুৰি, কোকৰাঝাৰ, চৰাইদেউ, বিশ্বনাথ আৰু দক্ষিণ শালমৰা-মানকাছৰ। ৰাজ্যখনৰ নিয়মতান্ত্ৰিক সীমান্তৰ পৰা ০-১০ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰৰ এই পিছপৰা সীমান্ত অঞ্চলসমূহত বাস কৰা মানুহবিলাক এইখনৰ পৰা উপকৃত হব।