মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

সীমান্ত সৌহাদ্য কাৰ্য্যসূচী

সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে আন্তঃৰাজ্যিক সীমান্তৰ পাৰত বাস কৰা জনসাধাৰণৰ মাজত শান্তিপূৰ্ণ সহাৱস্থানৰ উন্নতিৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ সহযোগীসকলৰ সৈতে সীমান্ত সৌহাদ্য কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে।

            সীমান্ত বিস্তৃতি অনুষ্ঠান শিৱসাগৰ, যোৰহাট, ধেমাজি, লখিমপুৰ, গোৱালপাৰা, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত অনুষ্ঠিত কৰা হৈ আহিছে।

অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহত অৱস্থিত সীমান্ত আৰক্ষী চকীসমূহ

            অসমৰ ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহ যেনে- নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু পশ্চিম বঙ্গনৰ সৈতে প্ৰায় ২৭৪৩.১০ কিলোমিটাৰ (উত্স – SOI)  দীঘল আন্তঃৰাজ্যিক সীমান্ত আছে। বৰ্তমান অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ সীমান্ত আৰক্ষী চকীৰ মুঠ সংখ্যা হল ৮১। এইসমূহ অসম-নাগালেণ্ড (৫৫টা), অসম-অৰুণাচল প্ৰদেশ (১৩টা), অসম-মেঘালয় (৬টা) আৰু অসম-মিজোৰাম (৭টা) সীমান্তত অৱস্থিত।

            এই সীমান্ত আৰক্ষী চকীকেইটাৰ সৈতে অতিৰিক্তভাৱে, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে আন্তঃৰাজ্যিক সীমান্তৰ পাৰত ৩৪টা নতুন সীমান্ত আৰক্ষী চকী নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে যাৰ ভিতৰত ১৬টা BOPৰ বিপৰীতে প্ৰশাসনীয় অনুমোদন ইতিমধ্যে জাৰি কৰা হৈছে। এই নতুন সীমান্ত আৰক্ষী চকীসমূহ তলত দিয়া ধৰণে স্থাপন কৰা হৈছে –

 

ক্ৰমিক নংজিলাঅৱস্থিতিস্থান সংকলনৰ ব্যৱস্থা
কামৰূপউকিয়াম২ পল্টন
শিৱসাগৰকানুবাৰী২ পল্টন
কাৰ্বি আংলংওৰাইবাৰী২ পল্টন
যোৰহাটহুলংগুৰি২ পল্টন
যোৰহাটনাগিনীজান২ পল্টন
যোৰহাট২নং ম’গ্ৰে গাঁও২ পল্টন
ডিমা হাছাওপ্ৰাচাদিমদিক২ পল্টন
ডিমা হাছাওহাংগ্ৰুম২ পল্টন
লখিমপুৰমইনাজুলি১ পল্টন
১০গোলাঘাটদুৰ্গাপুৰ১ পল্টন
১১গোলাঘাটনাওঘাট২ পল্টন
১২গোলাঘাটখেৰবাৰী৩ পল্টন (১ কয়)
১৩গোলাঘাটগড়বস্তি২ পল্টন
১৪গোলাঘাটৰতনপুৰ২ পল্টন
১৫হাইলাকান্দিবৰুণচেৰা১ পল্টন
১৬হাইলাকান্দিগোলাচেৰা১ পল্টন
Downloads
TitleSizeDetail
Deployment of Forces on Inter-State Border941.52 KBswf-image