মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল

ভাৰত-বাংলা সীমান্ত

  • ভাৰত-বাংলা সীমান্তৰ ছীলকৰণ হল অসমক অবৈধ অনুপ্ৰৱেশকাৰী, সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু ভাৰত-বাংলাদেশ সীমান্তৰ সিপাৰৰ পৰা সৰবৰাহ আদিৰ পৰা মুক্ত কৰাৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়।
  • সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্ত পৰা দি আছে। অসম আৰক্ষীৰ দ্বাৰা দ্বিতীয় শাৰীৰ সুৰক্ষা প্ৰদান কৰি থকা হৈছে।
  • এতিয়ালৈ ২০১.৫১ কিলোমিটাৰ দৈৰ্ঘ্য বস্তুগত প্ৰতিবন্ধক অৰ্থাত্ বেৰেৰে সামৰি লোৱা হৈছে। ৬১.৪৯ কিলোমিটাৰৰ সুষম সীমান্ত দৈৰ্ঘ্যৰ ভিতৰত ১৩.৩৮ কিলোমিটাৰ বস্তুগত প্ৰতিবন্ধকেৰে আৰু বাকী ৫৮.১১ কিলোমিটাৰ নদী সংক্ৰান্ত বৈশিষ্ট্যৰ বাবে অ-বস্তুগত প্ৰতিবন্ধকেৰে সামৰি লবলৈ পৰিকল্পনা কৰা হৈছে।
  • কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগ আৰু এন.বি.চি.চি.ৰ দ্বাৰা ১৩.৩৮ কিলোমিটাৰ সীমান্তৰ বেৰৰ নিৰ্মাণ চলাই থকা হৈছে।
  • প্ৰযুক্তিবিদ্যাৰ সমাধানেৰে অ-বস্তুগত প্ৰতিবন্ধকসমূহ বন্ধ কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগ আৰু এন.বি.চি.চি.ৰ সৈতে সমন্বয় আৰু পৰ্যবেক্ষণ চলাই থকা হৈছে।

ভাৰত-ভূটান সীমান্ত

  • ২৬৫.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্ত SSBৰ পৰিদৰ্শনাধীন হৈ আছে। এই সীমান্তৰ সম্পূৰ্ণ বিস্তাৰ, বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলে সামৰি লৈছে।
  • ভাৰত ভূটান সীমান্তৰ পাৰে পাৰে, কোকৰাঝাৰ জিলাৰ জমদুৱাৰৰ পৰা ওদালগুৰি জিলাৰ চিকাৰীদাংগালৈ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সীমান্ত পথ নিৰ্মাণ কৰি থকা হৈছে।
  • কাৰ্যবাহী সংস্থাটো হল ৰাজহুৱা নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ আৰু নিৰ্মাণ) অসম।
  • কৌশলগত আৰু সুৰক্ষাৰ দৃষ্টিভংগীৰ পৰা এই পথটো অতিকৈ উল্লেখযোগ্য। এই পথটোৱে SSBৰ সকলো কেম্প সংযোগ কৰিব আৰু যিমান পাৰি সিমান ওচৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ ধাৱিত হব।
  • এই পথটোৱে বনাঞ্চলসমূহত সতৰ্কতা দৃষ্টি ৰাখিবলৈও সেৱা আগবঢ়াব। এই অঞ্চলটোত পৰ্যটনৰ প্ৰত্যাশাও অনুমান কৰা হৈছে।