মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

লক্ষ্য আৰু অভিযান

লক্ষ্য বিৱৰণ

            সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ লক্ষ্য হৈছে আন্তঃগাঁঠনিমূলক সুবিধাসমূহ সৃষ্টিৰ দ্বাৰা ৰাজ্যৰ আটাইতকৈ দুৰ্গম সীমান্ত অঞ্চলসমূহত সকলো প্ৰকাৰৰ উন্নয়নৰ ব্যৱস্থা কৰা আৰু সমস্ত অঞ্চলটোক সুবিধাসমূহৰ সৈতে ৰাজ্যৰ উন্নত অঞ্চলসমূহৰ পৰ্যায়লৈ লৈ অনা সীমান্তৰ লোকসকলৰ জীৱন আৰু সম্পত্তিসমূহৰ প্ৰতি এক নিৰাপত্তাৰ অনুভৱ লাহে লাহে সৃষ্টি কৰা।

অভিযানৰ বিৱৰণ

            ভাৰত-বাংলা সীমান্তৰ ছীলকৰণ হল, অবৈধ অনুপ্ৰবেশকাৰী, সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু ভাৰত-বাংলা সীমান্তৰ সিপাৰৰ পৰা সৰবৰাহ আদিৰ পৰা অসমক মুক্ত কৰাৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়। ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা পৰ্যবেক্ষিত হৈ আছে, যতনেকি ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্ত SSBৰ দ্বাৰা পৰিচালিত হৈ আছে। অসম আৰক্ষীৰ দ্বাৰা দ্বিতীয় শাৰীৰ সুৰক্ষা প্ৰদান কৰি থকা হৈছে।

            ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাৰে পাৰে, কোকৰাঝাৰ জিলাৰ জমদুৱাৰৰ পৰা ওদালগুৰি জিলাৰ চিকাৰী দাংগালৈ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সীমান্ত পথ নিৰ্মাণ কৰি থকা হৈছে। কৌশলগত আৰু সুৰক্ষাৰ দৃষ্টিভঙ্গীৰ পৰা এই পথটো অতিকৈ উল্লেখযোগ্য।

            বিভাগটোৰ অন্য উদ্দেশ্য হল আন্তঃগাঁঠনিৰ উন্নয়ন আৰু ৰাজ্যৰ সীমান্ত অঞ্চলসমূহৰ জনসংখ্যাক এই পদ্ধতিসমূহেৰে প্ৰাথমিক ন্যূনতম সেৱাসমূহৰ ব্যৱস্থা কৰা-

  • ৰাজ্যিক পৰিকল্পনা আৰু সীমান্ত অঞ্চল উন্নয়ন কাৰ্য্যসূচী অনুসৰি আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলসমূহৰ বাবে আঁচনি প্ৰস্তুতি আৰু চূড়ান্তকৰণ।
  • ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ কমিটী সভা অনুষ্ঠিতকৰণ
  • সীমান্ত অঞ্চলৰ আঁচনিসমূহৰ ৰূপায়ণকাৰী সংস্থাসমূহৰ সৈতে ত্ৰিমাসিক পৰ্যালোচনা সভা।
  • সীমান্ত অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ উন্নতি আৰু আন্তঃৰাজ্যিক সীমা বিবাদ সম্পৰ্কত ভাৰত চৰকাৰৰ সৈতে সভা অনুষ্ঠিতকৰণ।
  • সীমা বিবাদ সমাধান আৰু সীমান্ত অঞ্চলসমূহ উন্নতিৰ বাবে বিভিন্ন বিভাগৰ সৈতে সংযোগ সাধন।
  • বিত্ত আৰু প্ৰস্তাৱসমূহ উপস্থাপন কৰা আৰু সেইসমূহ অনুমোদনৰ বাবে গৃহ মন্ত্ৰালয়ৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰখা।
  • ভাৰত চৰকাৰৰ দ্বাৰা মুকলি হোৱা বিত্তৰ বিপৰীতে সদ্ব্যৱহাৰ মানপত্ৰ দাখিল।
  • বাৰ্ষিক কাৰ্য প্ৰণালীৰ প্ৰস্তুতকৰণ আৰু চূড়ান্তকৰণ।
  • আন্তঃৰাষ্ট্ৰীয় সীমান্ত খণ্ডসমূহক বিশেষ গোট/ই-প্ৰশাসন হিচাপে লৈ ব্যৱস্থাপনা তথ্য ব্যৱস্থা (MIS)ৰ প্ৰস্তুতকৰণ।
  • কেৱল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাবে দৰ্শানুপাত পৰিকল্পনা, ব্যাপক পৰিকল্পনাৰ প্ৰস্তুতি
  • আদালতৰ মোকৰ্দমাত বিভাগটোক সুৰক্ষা দিয়া।
  • ভাৰতৰ সন্মানীয় উচ্চতম ন্যালায়ত অসম-নাগালেণ্ড আৰু সম-অৰুণাচল প্ৰদেশ সীমান্ত বিবাদ সম্পৰ্কে মূল মোকৰ্দমাৰ ক্ষেত্ৰত আইন বিশেষজ্ঞসকলৰ সৈতে বিষয়সমূহ, প্ৰমাণ আৰু যুক্তিসমূহৰ প্ৰস্তুতি।
  • অসমত জৰীপৰ জৰিয়তে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহৰ সীমান্তৰ জিলাসমূহৰ নক্সাৰ প্ৰস্তুতি চলাই থকা হৈছে।
  • তথ্যৰ ব্যৱস্থাপনা
  • আন্তঃৰাজ্যিক সমস্যাসমূহৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানসমূহ কৰি থকা হৈছে।
  • সীমান্তৰ সমীপত অৱস্থিত দুৰ্গম আৰু দূৰণিবটয়া ঠাইসমূহত বসবাস কৰা মানুহৰ বিভিন্ন উন্নয়নমূলক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ পৰিকল্পনা কৰা।
  • সীমান্তৰ নিয়মতান্ত্ৰিক সীমাৰ ০ৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধৰ ভিতৰত সীমান্তৰ অধিবাসীসকলৰ মাজত এক নিৰাপত্তাৰ অনুবৱ উন্নীত কৰা।