মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন

কাৰ্যাৱলী আৰু উদ্দেশ্যসমূহ

কাৰ্যাৱলীসমূহ

            বভাগটো সীমান্ত অঞ্চল উন্নয়ন অনুষ্ঠান (এছ.চি.এ.), ত্ৰয়োদশ বিত্তীয় আয়োগৰ বঁটা, বিকেন্দ্ৰীভূত পৰিকল্পনা, অসম বিকাশ যোজনা, বিশেষ নিধি, জিলা প্ৰশাসনৰ সহযোগত সীমান্ত আৰক্ষী চকীসমূহৰ মেৰামতি আৰু পুনৰনবীকৰণৰ দৰে সীমান্ত অঞ্চল বিভাগৰ বিভিন্ন অনুষ্ঠানৰ অধীনৰ উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণৰ সকলো বিষয়ৰ বাবে লগতে আন্তঃৰাজ্যিক সীমান্ত বিবাদৰ নিয়মতান্ত্ৰিক আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে দায়িত্ববাহী।

উদ্দেশ্যসমূহ

  • সীমান্ত অঞ্চলৰ লোকসকলৰ ব্যাপক বাৰণক্ষমতা নিৰ্মাণ আৰু কৌশল বিকাশৰ জৰিয়তে লাভজনক নিযুক্তি সৃষ্টি।
  • নিৰ্দিষ্ট সীমাৰ ভিতৰত আন্তঃগাঁঠনি প্ৰকল্প সম্পূৰ্ণকৰণ।
  • আন্তঃগাঁঠনি প্ৰকল্পসমূহ নিৰ্বাচন আৰু কাৰ্যকৰীকৰণত স্বচ্ছতা বৃদ্ধি
  • সামাজিক বিস্তৃতি অনুষ্ঠানৰ জৰিয়তে আন্তঃৰাজ্যিক সীমান্ত অঞ্চলসমূহত সম্প্ৰদায়সমূহৰ মাজত সামাজিক সমন্বয় বৃদ্ধি।
  • আন্তঃৰাজ্যিক সীমান্ত বিবাদৰ নিয়মতান্ত্ৰিক আৰু শান্তিপূৰ্ণ সমাধান।